Share and Enjoy !

Shares

প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহি:ৰাজ্যত অসমীয়া যুৱকক হত্যা। তেলেংগানা হায়দৰাবাদত নগাঁৱৰ যুৱকক হত্যা।যুৱকজনক হত্যা কৰি ৰঁচীৰে ওলোমাই থৈ যায়

মৃত যুৱকজন নগাঁও পুৰণিগুদাম বৰপানীগাঁৱৰ নৃপেন বৰা(৪৫) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল নৃপেন।।পত্নী আৰু কন্যা সন্তানক নগাঁৱত থৈ হায়দৰাবাদত কৰ্মৰত হৈ আছিল নৃপেন।
নৃপেনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণিগুদামত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *