গাড়ীচুৰি চক্ৰৰ নতুন কৌশল।
ভাড়া লোৱাৰ চলেৰে বহিঃৰাজ্যত বিক্ৰী বিলাসী বাহন।
নুনমাটি আৰক্ষীৰ অভিযানত ওলাল এই ভয়ংকৰ তথ্য।
আৰক্ষীৰ অভিযানত বৃহৎ গাড়ী চোৰৰ বৃহৎ গেং উৎখাত।
আৰক্ষীয়ে অভিযানত চলাই কুখ্যাত গাড়ীচোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বিলাসী বাহন জব্দ কৰে।
কুখ্যাত গাড়ীচোৰটো দ্বীপেন শৰ্মা ( ৩৪) , ঘৰ মঙ্গলদৈত।গুৱাহাটীৰ লখৰাত ভাৰতীয়া হিচাপে আছিল লোকজন।
আৰক্ষীয়ে অভিযান চলাই নাহৰলঙ, জোনাই, পাছিঘাটৰ পৰা উদ্ধাৰ কৰে বিলাসী বাহন তিনিখন।
জানিব পৰা মতে, ৰাজু আলী নামৰ লোকজনৰ পৰা ভাড়া হিচাপে মাহত পয়ত্ৰিছ হাজাৰ টকাত দ্বীপেন শৰ্মাৰ নামৰ লোকজনে দুখন বিলাসী বাহন ভাড়া লয়। তদুপৰি আনজন শশাংক চৌধুৰী নামৰ লোকজনৰ পৰা আন এখন বিলাসী বাহন প্ৰতি মাহত চল্লিছ হাজাৰ টকাত ভাড়া লয়।
ভাড়া লোৱা পিছৰে পৰা অভিযুক্ত দ্বীপেন শৰ্মাই আত্মগোপন কৰে।।
এই সংক্ৰান্তত গাড়ীৰ গৰাকীয়ে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে থানা 21/ 26 নম্বৰত এক গোচৰ ৰুজু কৰি মহানগৰীৰ লখৰাত অভিযান চলাই দ্বীপেন শৰ্মাক গ্ৰেপ্তাৰ কৰে।
ধৃত দ্বীপেন শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচলৰ পৰা উদ্ধাৰ কৰে বিলাসী বাহন তিনিখন।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।।