Share and Enjoy !

Shares

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

১৪ ফেব্ৰুৱাৰীত পুৱা ৯.৫০ বজাত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। পুৱা ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ’ব। মৰাণৰ Emergency Landing Facilityত এয়াৰ শ্ব’ উপভোগ কৰিব মোদীয়ে। মৰাণৰ Emergency Landing Facilityত ১৬ খন বিমান অৱতৰণ কৰিব। মৰাণৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ইয়াৰ পিছত দিনৰ ১২ বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। সেই বিশেষ পথটোৰেই প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ আৰু প্ৰস্থান কৰিব। দিনৰ ১বজাত গুৱাহাটী-উঃ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ব্ৰহ্মপুত্ৰৰ ধাৰৰ বিপৰিতে গৈ নিৰ্মাণ কৰা হৈছে নতুন দলংখন। ফেব্ৰুৱাৰী মাহটোত কোনো যান-বাহন নচলে দলং খনত। কেৱল ৰাইজে খোজ কঢ়াৰ বাবে খোলা থাকিব এই দলংখন।

লাচিত ঘাটলৈও যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে IIMৰ অস্থায়ী চৌহদ মুকলি কৰিব। গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণি কৰিব । ইয়াৰ পিছতে খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *