ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।
ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য। কাছাৰত আৰক্ষীৰ অভিযানত জব্দ ১ লাখ ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট ।
মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ টেবলেটখিনি। পথৰ কাষত ৰৈ থকা অৱস্থাত ট্ৰাকখনত তালাচী চলাইছিল আৰক্ষীয়ে।আৰক্ষীৰ উমান পাই পলায়ন ট্ৰাক চালকৰ। তিনিখন ভুৱা নম্বৰ প্লেটো জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা টেবলেটৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।