আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয় মহা শিৱৰাত্ৰি । শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই।
আজিৰ দিনটোত জীৱনৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ বাবে মহাদেৱক স্মৰণ কৰে। শিৱৰাত্ৰীৰ দিনা ভক্তই উপবাসে থাকি শিৱৰ আৰতি পাঠ কৰে আৰু ওৰে ৰাতি সাৰে থাকি ভক্তি আৰাধনাত বিলিন হয়। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়।হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটিৰ আৰম্ভণিৰ তাৰিখ জনা নাযায় যদিও অতীতৰ পৰা চলি অহা বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা(Maha Shivratri)।
এইবাৰ শিৱৰাত্ৰিৰ মূহুৰত দুদিনীয়াকৈ পৰিছে ৷ আজি বিয়লি ৪ বাজি ১৪ মিনিটৰ পৰা আৰম্ভ হৈ সোমাবাৰৰ সন্ধিয়ালৈকে শিৱৰাত্ৰিৰ শুভ মূহুৰত থাকিব ৷
ইফালে আজি মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰত ভক্তৰ সমাগম হোৱা দেখা দৈছে ৷ সমান্তৰালকৈ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে৷ বাণৰজাই স্থাপন কৰা মহাভৈৰৱ মন্দিৰ এছিয়াৰ দ্বিতীয় বৃহৎ শিৱলিঙ্গ ৷ ধূপ-দ্বীপ, নৈব্যদৰ লগতে ভক্তসকলে গাখীৰ, পানী, ঘীউ, মৌ আদিৰে শিৱ লিংগত অভিশেষ কৰিছে ৷ লগতে মহাদেৱৰ চৰণত ভাং, ধতুৰা আদি আগবঢ়ায় তেওঁক সন্তুষ্ট কৰা দেখা গৈছে ৷ যদিও আজি বিয়লি ৪ বাজি ৪৮ মিনিটত শিৱ চতুৰ্দশী তিথি সূচিত হৈছে কিন্তু পুৱাৰে পৰাই হাজাৰোধিক ভক্তৰ সমাগম হৈছে মহাভৈৰৱ মন্দিৰত৷