তেজপুৰ-ৰঙাপৰা ৰাষ্ট্ৰীয় পথৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা।
তেজপুৰ ৰঙাপৰা ৰাষ্ট্ৰীয় পথৰ পক্ষীয়াঝাৰৰ বিমল বস্তিত থকা বিদ্যুৎৰ খুটাত এ এচ ১২এএম ৬৬৬১ নম্বৰত অহা স্কুটিখনে খুন্দা মাৰে।
ফলত থিতাতে প্ৰাণ গ’ল স্কুটি চালকজনৰ। তীব্ৰবেগত আহি বিদ্যুৎৰ খুটাত প্ৰচণ্ড জোৰৰে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱককজনৰ। যুৱকজনৰ ঘৰ বিন্দুকুৰীৰ দুৰুং চহবাগিচাত কাচমাৰিৰ বনেশ্বৰ তান্ত্ৰি বুলি জানিব পৰা গৈছে।স্কুটিখনৰ নম্বৰ AS12AM6661।