Share and Enjoy !

Shares

গেৰুৱা বসন পিন্ধিলে ভূপেন বৰাই। আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ভূপেন বৰাই।

বহু কেইগৰাকী ৰাজ্যিক বিষয়-ববীয়াক লগত লৈ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। বাজপেয়ী ভৱনত সেৱা কৰি প্ৰৱেশ কৰা ভূপেন বৰাক দললৈ আদৰণি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াই।

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পূৰ্বে সংবাদমাধ্যমৰ সন্মুখত বৰাই কয় যে, কংগ্রেছত থকাৰ সময়ত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল। আজি সেই চোলাটো পৰিধান কৰি বিজেপিৰ কাৰ্যালয়লৈ আহিছো। সেই তেজ বিজেপিৰ সৈতে হোৱা সংঘাতৰ বাবে ওলাইছিল। বিজেপিয়ে সেই তেজৰ মূল্যাংকন কৰিব বুলি পিন্ধিছো চোলাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *