তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন।
নিহত লোকজন নিহত লোক জন বিৰিনাশায়েক গাঁৱৰ ঋতুপৰ্ন কোঁৱৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ঋতুপৰ্ন কোঁৱৰ ভুলুকি চুকৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে তিতাবৰ শলগুৰি তিনিআলিত AS-03CC-8279 আৰু AS-03R-5241 গ্লেমাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় ঋতুপৰ্ন কোৱৰ । তিতাবৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCH লৈ প্ৰেৰণ কৰে।