Share and Enjoy !

Shares

কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং বিথুং ৰেংথামা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ দ’ গাৱঁত বাঘৰ আতংক। দেওবাৰে নিশা দ’ গাঁৱৰ লগতে গাঁওখনৰ গাতে লাগি থকা গাঁৱৰ ৰাইজে ফটকা ফুটাই বাঘকক খেদিবলৈ চেষ্টা কৰে ৷

জানিব পৰা মতে, বৃহত্তৰ তৰাডুবিৰ দ’ গাঁও, আৰু মিলনপুৰ গাঁও,পতিয়াগাঁও , নৰুৱাগাঁও কেইখনৰ মাজত থকা বাঁহ আৰু চেগুন গছৰ মাজত উক্ত গাঁওকেইখনৰ ছাগলী মৃত অৱস্থাত উদ্ধাৰ হয়। অঞ্চলটোৰ ৰাইজে সন্দেহ কৰিছে যে এই বাঘে আক্ৰমণ কৰি ছাগলীটো মৃত অৱস্থাত এৰি যায় ৷

একাংশৰ মতে এটা নাহৰফুটুকী বাঘে অঞ্চলটোৰ ৰাইজৰ ছাগলীকে ধৰি বনৰীয়া জন্তু মাৰি বৃহত্তৰ তৰাডুবি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি তুলিছে ৷ এই বাতৰি যুগুতোৱাৰ সময়লৈকে ফটকা ফুটাই বাঘ খেদাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বনবিভাগৰ কৰ্মীৰ লগতে অঞ্চলটোৰ ৰাইজে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *