Share and Enjoy !

Shares

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ ধুবুৰীৰ ৫ নং ৱাৰ্ডত থকা শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকানত চোৰৰ চাফাই অভিযান। লক্ষাধিক টকাৰ কাঁহ-পিতলৰ বাচন দোকানখনৰ পৰা লুটপাট।

এই চুৰিকাণ্ডৰ পাছতে চহৰখনৰ শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকানখনৰ গৰাকী বৃন্দাবন চন্দ্ৰ পালে ক্ষোভ প্ৰকাশ কৰিছে। ইপিনে অতি ব্যস্ততাপূৰ্ণ এই বজাৰখনত নাছিল নৈশ চকীদাৰৰ পহৰাৰ ব্যৱস্থা।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি – ধুবুৰী আৰক্ষীয়ে চহৰখনত নিশা নিদিয়ে টহল। কিয় বাৰে বাৰে ইমানবোৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো একো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰসাশনে।

Leave a Reply

Your email address will not be published. Required fields are marked *