Share and Enjoy !

Shares

নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত একাংশ সুৰাসক্ত লোকৰ উদ্ভণ্ডালি। আৰক্ষীকো আক্ৰমণ একাংশ সুৰাসক্ত যুৱকৰ

অভিযোগ অনুসৰি মহিলা আৰক্ষী কনিষ্টবলকে ধৰি যানবাহনৰ আৰক্ষীকো অশালীন ব্যৱহাৰ কৰে সুৰাসক্ত যুৱকে। আৰক্ষী আৰু যুৱকৰ হতাহতিত আহত বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান।

ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত পৰিছে পৱিত্ৰ জুবিনক্ষেত্ৰত উদ্ভাণ্ডালি কৰা তিনি যুৱক। আটট কৰা ৩ যুৱক ক্ৰমে দক্ষিণ শালমাৰা জিলাৰ ফুলবাৰী গাঁৱৰ আলম আলী, শুৱালকুছিৰ দুই যুৱক মুকুট দাস আৰু ৰঞ্জন দাস৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।।

পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই সুৰাপান কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *