Share and Enjoy !

Shares

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে

প্ৰায়ই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে।বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়াক ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহিঃৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান।ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ।আহিছে আন এক ঘটনা।

পুনৰ বহিঃ ৰাজ্যত সন্ধানহীন অসমৰ এজন লোক। কৰ্মৰ সন্ধানত গৈ বহিঃ ৰাজ্যত সন্ধাহীন হয় চতিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত পহুচোৱা গাঁৱৰ ভক্ত দাস। ইপিনে লোকজন সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।গাঁওখনৰ ভক্ত দাস নামৰ ৪৮ বছৰীয়া লোকজনে বিগত ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা ৩০ জানুৱাৰীত চতিয়াৰ পহুচোৱা গাৱঁৰে কৃষ্ণ দাস নামৰ লোকজনে তেজপুৰত কাম আছে বুলি কৈ ভক্ত দাসক ঘৰৰ পৰা লৈ গৈছিল ৷ কিন্তু পাছত পৰিয়ালৰ লোকে যোগাযোগ কৰাত ভক্ত দাসে কোচবিহাৰত কাম কৰি আছে বুলি জনায় কৃষ্ণ দাসে ৷ পাছত ভক্ত দাসে ঘৰলৈ আহিব বিচৰাত কৃষ্ণ দাসে বাধা প্ৰদান কৰে ৷ কিন্তু পাছত পৰিয়ালৰ লোকে ভক্ত দাস মহাৰাষ্ট্ৰত আছে বুলিহে জানিব পাৰে। ইয়াৰ পাছত পৰিয়ালৰ লোকে যোগাযোগ কৰাত কৃষ্ণ দাসে ভক্ত দাস নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে।

ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে নিৰূদ্দিষ্ট লোকজনৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চতিয়া আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। যদিও বৰ্তমানলৈ আৰক্ষীয়ে ব্যক্তি গৰাকীৰ সন্ধান উলিয়াব পৰা নাই । কোনো সদাশয় লোকে ব্যক্তিজনৰ সম্ভেদ পালে ৭৫৭৭৮২২৭১২ আৰু ৮৭২১৯৩৯৩২৪ নম্বৰ ফোনৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *