Share and Enjoy !

Shares

মহানগৰীৰ জালুকবাৰী বিদ্যানগৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

পশ্চিম আৰক্ষী জিলাৰ SOGএ চলাইছিল অভিযান।

ড্ৰাগছ বিক্ৰী কৰিব আহি হাতে-লোতে আটক এটা সৰবৰাহকাৰী।

সৰবৰাহকাৰীটোৰ স্কুটাৰৰ পৰা উদ্ধাৰ দুটাকৈ পেকেট ড্ৰাগছ।

আৰক্ষীয়ে জব্দ কৰিছে AS01EZ0923 নম্বৰৰ এখন স্কুটাৰ।

ধৃত সৰবৰাহকাৰীটো গাড়ীগাঁও মেধিপাৰাৰ ৰাহুল আলী বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল সৰবৰাহকাৰীটোৱে।

পূৰ্বেও ড্ৰাগছ বিক্ৰীৰ অভিযোগত আৰক্ষীৰ জালত পৰিছিল ৰাহুল আলী।

ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে আন এটা সৰবৰাহকাৰী।

সম্প্ৰতি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

 

Leave a Reply

Your email address will not be published. Required fields are marked *