অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল। ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে নামনি অসম ৷
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে ।
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে চলায় গৈছে অভিযান। সমান্তৰালভাৱে গোপন খবৰৰ ভিত্তিত কামৰূপ জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে ৫ টা চাইবাৰ আপৰাধী। গ্রেপ্তাৰ হোৱা ধৃত অপৰাধীকেইটা হাজোৰা মইনুল হক, সৌৰামাৰীৰ মুন কলিতা, সৌৰামাৰীৰ কংকন কলিতা, বালিসত্রৰ হিৰকজ্যোতি কলিতা বুলি জানিব পৰা গৈছে।
ইপিনে গ্রেপ্তাৰ হোৱা আনজন ধূহিৰ মোস্তাকিম আহমেদ বুলি জানিব পৰা গৈছে। এই অপৰাধীকেইটাৰ পৰা বহু ভুৱা নথি, ছিম কাৰ্ড জব্দ কৰে। লগতে অন্য লোকৰ নথিৰে বহু মিউল একাউণ্ট খুলিছিল অপৰাধীকেইটাই। অভিযুক্তকেইটাই ভুৱা নথিৰে উলিয়াইছিল দুশৰো অধিক ছিমকাৰ্ড।