বিজনীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ চিৰাং জিলাৰ পানবাৰীত আৰক্ষীৰ সফল অভিযান।অভিযানত বুজন পৰিমাণৰ হেৰ’ইনসহ এখন ডিলাক্স বাহন জব্দ।
নিশা এখন ‘ডিজায়াৰ’ (Dzire) AS-01-GH-7537 নম্বৰৰ বাহনখনৰে পাতিলাদাহাৰ পৰা পানবাৰী অভিমুখে আহি থকাৰ অৱস্থাতে বেদলাংখাইটী পথত পানবাৰী থানাৰ এটা দলে অভিযান চলাই চাবোনৰ বাকচত থকা ড্ৰাগছ সহ এখন বাহন জব্দ কৰে আৰক্ষীয়ে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বঙাইগাঁও জিলাৰ আলিমুদ্দিন। বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰিতু মনি দাস আৰু পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলিছিল এই অভিযান ।