ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ। ৰাইজৰ দলৰ সৈতে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মিত্ৰতা।ভংগ ৰাইজৰ দলে বিচৰাধৰণে আসন এৰি দিব নোৱাৰে কংগ্ৰেছে।
সামাজিক মাধ্যমযোগে এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ।
গৌৰৱ গগৈয়ে কয়, ‘‘অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।’’
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলোঁ।’’
গৌৰৱে পুনৰ কয়, ‘‘কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম।’’