Share and Enjoy !

Shares

মঙলবাৰে সন্ধিয়া শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুৱে ধেমাজি নগৰস্থিত সাৰ্বজনীন শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ চৌপাশৰ দেৱাল নিৰ্মান আঁচনিৰ আধাশিলা স্থাপন কৰে ৷

প্ৰায় ৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া বাউণ্ডাৰী ৱালখনৰ লগতে মন্দিৰৰ সন্মুখৰ গেইটখনো সুন্দৰকৈ বনাবলৈ মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে ৷

ইয়াৰ বাবে ব্যয় হ’ব লগা ধনৰাশিও মন্ত্ৰীগৰাকীয়ে মোকলাই দিয়াৰ আশ্বাস প্ৰদান মন্ত্ৰীগৰাকীৰ৷

আধাৰশিলা স্থাপনৰ অন্তত মন্ত্ৰীগৰাকীয়ে মন্দিৰৰ চৌপাশ পৰিৰ্দশন কৰে ৷ অনুষ্ঠানত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, জ্যেষ্ঠ ব্যক্তি কৃষ্ণ বাঞ্চাল , মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৱিষ্যত দিহিঙ্গীয়া, সম্পাদক দীনেশ গোস্বামী , উপ -সভাপতি ডিম্বেশ্বৰ বুঢ়াগোঁহাই ধৰি মন্দিৰৰ ভক্তসকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *