Share and Enjoy !

Shares

৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন।এটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন।

১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ। মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ।

৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম।

এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৫টা ভোটকেন্দ্ৰ।

নাৰী শক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব। তদুপৰি, ভোটাৰসকলৰ সুবিধাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোনো এটা ভোটকেন্দ্ৰতে ১,২০০গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *