আজিৰে পৰা শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰআজিৰে পৰা শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ

Share and Enjoy !

Shares

আজিৰে পৰা শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে নিযুত মইনা আঁচনি ২.০। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বিগত বৰ্ষৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য।

উল্লেখ্য যে, যোৱাবছৰ ১,৬১,৩০২গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনি কৰিছিল। বিগত বৰ্ষৰ দৰে ২০২৫-২৬ বৰ্ষত উপকৃত হ’ব ৩ লাখ ৫০ হাজাৰ ২৬৫গৰাকী ছাত্ৰী।

এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ১০০০ টকা, স্নাতকৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ১,২৫০ টকা, স্নাতকোত্তৰৰ ছাত্ৰীয়ে প্ৰতি মাহে পাব ২,৫০০ টকা। তদুপৰি, বি. এডত থকা ছাত্ৰীসকলেও পাব ২,৫০০ টকা। সমাগত ১০ মাহৰ বাবে এই আঁচনিৰ ধন দিয়া হ’ব ছাত্ৰীসকলক।

সৰুসজাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক বিতৰণ কৰিলে চেক।

Leave a Reply

Your email address will not be published. Required fields are marked *