Share and Enjoy !

Shares

কাছাৰ জিলাৰ কালাইনত গাঞ্জাসহ গ্ৰেপ্তাৰ এজন যুৱকক।

কালাইন আৰক্ষীয়ে বদৰপুৰ-শ্বিলং ৬ নম্বৰ ৰাষ্ট্ৰীয় পথত এখন স্কুটিত তালাচী অভিযান চলাই স্কুটিখনৰ ছিটৰ তলত লুকুৱাই অনা তিনিটা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, জব্দ কৰা গাঞ্জাৰ ওজন প্ৰায় তিনি কিলোগ্ৰাম। ইফালে, আৰক্ষীক দেখা মাত্ৰেই স্কুটি খনৰ চালকে দৌৰি পলায়ন কৰে। অৱশ্যে আৰক্ষীয়ে এজন আৰোহীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকজনৰ নাম ৰমেন সিনহা বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ কালাইনৰ লক্ষীপুৰ অঞ্চলত। আৰক্ষীয়ে বৰ্তমানে যুৱকজনক জেৰা কৰি আছে আৰু পলাতক চালকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *