Share and Enjoy !

Shares

বৰাক উপত্যকাত ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি হাইলাকান্দিত উপস্থিত হয় অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল। ভ্ৰমণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য সেৱাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ ৰক্তভাণ্ডাৰ, আই চি ইউ আৰু নিৰ্মীয়মাণ ১০০খন বিচনাযুক্ত মাতৃ আৰু শিশু পৰিচৰ্যা বিভাগৰ ভৱন পৰিদৰ্শন কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে তুলনামূলকভাৱে বিচ্ছিন্ন জিলা হোৱা সত্ত্বেও হাইলাকান্দিৰ স্বাস্থ্য সেৱাৰ যথেষ্ট উন্নতি হৈছে। চলিত বৰ্ষৰ ভিতৰতে মাতৃ আৰু শিশু পৰিচৰ্যা বিভাগৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। চিকিৎসালয়খন সম্পূৰ্ণ সক্ষমতাৰে চলোৱাৰ লক্ষ্যৰে অতি শীঘ্ৰে চিকিৎসক আৰু নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

পৰৱৰ্তী সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়, হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাস, বিধায়ক বিজয় মালাকাৰ, জিলা আয়ুক্ত জয় বিকাশ, বিজেপিৰ জিলা সভাপতি কল্যাণ গোস্বামী, সাংসদ কৃপানাথ মাল্লাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *