“বীৰ লাচিত সেনা পইচা উঠোৱা পাৰ্টী,শদিয়াৰ-ধুবুৰীলৈ চান্দা উঠাই বীৰ লাচিত সেনাই। নামৰ পাছত অসম লগাই বিপথে পৰিচালিত কৰে মানুহক” : মুখ্যমন্ত্ৰী“বীৰ লাচিত সেনা পইচা উঠোৱা পাৰ্টী,শদিয়াৰ-ধুবুৰীলৈ চান্দা উঠাই বীৰ লাচিত সেনাই। নামৰ পাছত অসম লগাই বিপথে পৰিচালিত কৰে মানুহক” : মুখ্যমন্ত্ৰী

Share and Enjoy !

Shares

“বীৰ লাচিত সেনা পইচা উঠোৱা পাৰ্টী,শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই বীৰ লাচিত সেনাই। নামৰ পাছত অসম লগাই বিপথে পৰিচালিত কৰে মানুহক।” মঙলবাৰে পুনৰ বীৰ লাচিত সেনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ,এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ’ব। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

উল্লেখ্য যে, এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ ৫গৰাকীকৈ সদস্য। ইয়াৰ পাছতে এই বিষয়টোক লৈ সংবাদমেল দি থকাৰ সময়তে ৰন্টু পানীফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

 

ৰন্টু পানীফুকনকৰ গ্ৰেপ্তাৰ কোনো প্ৰকাৰেই মানি লোৱা নহ’ব বুলি কৈ হুংকাৰ প্ৰদান কৰিলে শৃংখল চলিহাই। সমগ্ৰ অসমজুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সংবাদমেল যোগে সকিয়নী প্ৰদান কৰে শৃংখল চলিহাই।

Leave a Reply

Your email address will not be published. Required fields are marked *