যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
আজি মাহমৰাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ো কয় যে- বিহু,দুৰ্গা পূজাৰ সময়ত একোটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হব। তেওঁ কয় যে- প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি।