যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
আজি উজনিৰ মাহমৰা আৰু সোণাৰিৰ পাছত নাজিৰাত নিৰ্বাচনী ৰণডংকা বজাই মুখ্যমন্ত্ৰীয়ে । নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ুৰ বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উক্ত নিৰ্বাচনী প্ৰচাৰ সভাৰ পিছতে সাংবাদিকৰ আগত অখিল গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অখিল গগৈয়ে ক’ৰ পৰা টকা বিলাইছে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
অখিল গগৈয়ে শিৱসাগৰৰ বাহিৰত প্ৰচাৰ চলোৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এইবাৰ তেওঁ ক’ৰ পৰা নাজানোঁ, ভালকৈ টকা-পইচা বিলাইছে । বাঁওপন্থী মানুহে ইমান টকা-পইচা ক’ৰ পৰা পাইছে এইটো চাবলগীয়া । শিৱসাগৰত টকা-পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী আদৰ্শহীন মানুহ । যিটো এসময়ত মানুহে ভাবিছিল । সেইকাৰণে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে ।”