Share and Enjoy !

Shares

দুধনৈত চাঞ্চল্যকৰ।ঘটনা। দুধনৈ চহৰৰ মাজমজিয়াত অৰ্ধ নগ্ন অৱস্থাত মৃতদেহ উদ্ধাৰ৷ দুধনৈৰ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত তেজেৰে লুতুৰি-পুতুৰি পৰি থকা অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহ৷

দেওবাৰে পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত মৃতদেহটো প্ৰত্যক্ষ কৰে।।স্থানীয় লোকে লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে আৰু ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, কোনোবাই লোকজনক নিৰ্মমভাৱে চোকা অন্ত্ৰৰে মৰিয়াই হত্যা কৰি দোকানৰ সন্মুখত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰু লোকজনক ইটা, ৰড আদিৰে কোবাই হত্যা কৰাৰ সন্দেহ ৷ নিহত লোকজনক স্থানীয় ৰাইজে দুধনৈ নদীৰ পাৰত বসবাস কৰা বাটচু ৰাহা(৩৫) বুলি চিনাক্ত কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *