কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
হাইলাকান্দি আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে।
৬ এপ্ৰিলৰ নিশা ৮ বজাত দিল্লীৰ পৰা কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হ’ব অমিত শ্বাহ। নিশা শিলচৰত কটাই পিছদিনা অৰ্থাৎ ৭ এপ্ৰিলত হাইলাকান্দিত বিজেপি প্ৰাৰ্থী ড০ মিলন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে।
আবেলি শিলচৰৰ প্ৰাৰ্থী ডা০ ৰাজদীপ ৰয় আৰু উদাৰবন্দৰ প্ৰাৰ্থী ৰাজদ্বীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে। সিদিনাই আবেলি দিল্লীলৈ উভতি যাব অমিত শ্বাহ।