অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে ঘৰলৈ অনা হ’ল সৰুপথাৰৰ চিন্তু ৰাজবংশীৰ মৃতদেহঅসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে ঘৰলৈ অনা হ’ল সৰুপথাৰৰ চিন্তু ৰাজবংশীৰ মৃতদেহ

Share and Enjoy !

Shares

শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে বহিঃ ৰাজ্যৰ পৰা অসম পালেহি সৰুপথাৰৰ যুৱক চিন্তু ৰাজবংশীৰ মৃতদেহ।

 

ভাৰতৰ যিকোনো ৰাজ্যত মৃত্যু বৰণ কৰা আৰ্থিকভাৱে পিছপৰা ব্যক্তিৰ মৃতদেহ ঘূৰাই আনিবলৈ অসম চৰকাৰৰ উদ্যোগত কিছুদিন আগেয়ে এক অভিলাসী শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ হৈছিল।

 

সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টেঙানী গাওঁৰ নিৱাসী কেশৱ ৰাজবংশীৰ পুত্ৰ চিন্তু ৰাজবংশী বহিঃ ৰাজ্য চেন্নাইত কাম কৰিবলৈ গৈ যোৱা ২৪ তাৰিখে মৃত্যুবৰণ কৰাৰ পিছত সোমবাৰে অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে মৃত চিন্তু ৰাজবংশীৰ নশ্বৰ দেহ গাঁওৰ ঘৰলৈ অনা হয়।

 

অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ জৰিয়তে মৃত চিন্তু ৰাজবংশীৰ মৃতদেহ চৰকাৰী খৰচত আনি পৰিয়ালৰ হাতত শ্ৰদ্ধা সহকাৰে গতাই দিয়া হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *