পুনৰ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গৌৰৱৰ খবৰ ।
অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে লাভ কৰিলে আন এটা পদক ।
২০২৬ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক জয়
এই অলিম্পিয়ান বক্সাৰগৰাকী।প্ৰতিযোগিতাখনৰ এক গুৰুত্বপূৰ্ণ মুখামুখিত উজবেকিস্তানৰ বক্সাৰ আজিজা জক্কিৰ’ভা(Aziza Zokirova)ক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে লাভলীনাই।
ব্ৰঞ্জৰ পদকতে থমকি ৰ’বলগীয়া হ’লেও তেওঁৰ এই সফলতাই অলিম্পিকৰ দৰে বৃহৎ মঞ্চত তেওঁৰ সম্ভাৱনাক পুনৰ সজীৱ কৰি তুলিছে ।
ব্ৰঞ্জৰ পদক লাভ কৰি ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাভলীনা বৰগোহাঁয়ে ।