পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিহাট অঞ্চলত মহিলা নিৰুদ্দেশ। ধোপগুৰি নিৱাসী দিগন্ত হীৰাৰ পত্নী ভনিতা হীৰা (৪০) শুকুৰবাবে পুৱা প্ৰায় ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ তথ্য অনুসৰি,নিৰুদ্দেশ হোৱা সময়ত ভনিতা হীৰা ডাঠ নীলা ৰঙৰ কাপোৰ পৰিধান কৰি আছিল। ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালবৰ্গই পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
কোনো সদাশয় ব্যক্তিয়ে ভনিতা হীৰাৰ বিষয়ে কিবা তথ্য লাভ কৰিলে 9101689186 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।