Share and Enjoy !

Shares

আজি গোসাঁই বিহু। নাম কীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ, নামঘৰ, মন্দিৰ।

গোসাঁই বিহু ৰঙালী বিহুৰ তৃতীয়টো দিনত পালন কৰা হয়।

এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে। বহুতেই নিজৰ গাঁৱৰ মন্দিৰত গৈ নেদেখাজনৰ আশিস বিচাৰে। নিজ আৰাধ্য দেৱতাক ধূপ-দ্বীপ, নৈবেদ্যৰে বছৰটো যাতে কুশলে যায় তাৰ বাবে প্ৰাৰ্থনা জনায়।

গোঁসাই বিহুৰ দিনাও ডেকা-গাভৰুৱে গৃহস্থৰ ঘৰে-ঘৰে হুঁচৰি আৰু বিহু গাই গৃহস্থক আশীৰ্বাদ দিয়ে৷ গোঁসাই বিহু দিনা গাঁৱৰ ভকতসকলে বৈষ্ণৱ আদৰ্শৰ নীতিমতে নামঘৰত নৈবেেদ্য উছৰ্গা কৰি শৰাই আগবঢ়াই নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ মংগল কামনাৰ্থে নাম প্ৰসংগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *