Share and Enjoy !

Shares

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা। পূৰ্বৰ পৰম্পৰা অনুসৰি আজি পহিলা ব’হাগৰ পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয় পৰম্পৰাগত ভাৱে বহু বছৰ ধৰি চলি অহা এই বৰ্ষফল গণনা কৰে সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মাদলৈয়ে কৰে। সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে৷

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি অসমৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মা। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এইবৰ্ষৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি আছে৷ দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে বৰ্ষফল গণনাত সদৰি কৰে যে ৮০ৰ পৰা ৯০খন আসন লাভ কৰিব NDA মিত্ৰজোঁটে।

ইপিনে নৱেম্বৰৰ পৰা প্ৰায় ১৮ মাহ মুখ্যমন্ত্ৰীৰ বাবে অশুভ বুলি জনাই দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে। মুখ্যমন্ত্ৰীৰ বাবে শত্ৰুবৃদ্ধি, মানহানি আদি হ’ব পাৰে, সেয়ে মুখ্যমন্ত্ৰী সাৱধানে থকাটো মংগলজনক বুলি প্ৰকাশ কৰিলে দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *