Share and Enjoy !

Shares

আজি পহিলা ব’হাগ জাতিৰ স্বভিমান ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্য। ঢোল পেপা গগনাৰ মাতেৰে ৰজনজনাইছে চোদিশ ।পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনটোক মানুহ বিহু হিচাপে পালন কৰি আহিছে।

হেঁপাহৰ ৰঙালী বিহুক এইবাৰ উছাহৰ মাজেৰে পালন কৰিছে প্ৰতিজন অসমীয়াই ।

সমগ্ৰ ৰাজ্যতে অসমীয়াৰ প্ৰাণ জাতি স্বভিমান ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিজন অসমীয়া। ঢোল পেঁপা গগনাৰ মাতেৰে ৰজনজনাইছে চোদিশ ।আজি ৰাতিপুৱাই মাহ হালধী সানি গা ধুই গোসাই সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ সকলোৰে মংগল কামনা কৰাৰ লগতে থাপনা খৰাই নৈবদ্য আগবঢ়াইছে।

মানুহ বিহুৰ দিনাই কনিষ্ঠজনে জেষ্ঠ্যজনৰ চৰণ চুই সেৱা লয়। ইজনে সিজনক বিহুৱান যাচে। আৰু সকলোৱে একেলগে পিঠা-পনা আৰু জলপান খায়।

হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল। আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান। বিহুৰ মঞ্চ কঁপাবলৈ সাজু হৈছে শিল্পীসকলো।

Leave a Reply

Your email address will not be published. Required fields are marked *