মৰণ ফাণ্ডলৈ পৰিণত হৈছে বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথট।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সঘনাই সংঘটি হৈ আহিছে দুৰ্ঘটনা।
ডেৰমাহত ১২/১৫ টা দুৰ্ঘটনা সংঘটিত হৈছে পাটাছাৰকুছি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত।
আজি সংঘটিত হোৱা দুৰ্ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে অৱৰোধ কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
পথ মেৰামতিৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সৃষ্টি কৰিছে এক মৰণ ফাণ্ড।
দুমাহে পুখুৰী সদৃশ গাঁত খান্দি মেৰামতিৰ নামত কৰি আছে ভেকো ভাওনা।
প্ৰতিটো দিনতে সংঘটিত হৈ আহিছে একোটাকৈ দুৰ্ঘটনা ।
বজালী পাটাছাৰকুছিৰ NRL টেল ডিপোৰ সন্মুখত বৃহৎ বৃহৎ গাত খান্দি দুমাহ ধৰি মেৰামতি কৰা নাই।
ইয়াৰ ফলত প্ৰতিদিনে সংঘটিত হৈ আছে দুৰ্ঘটনা।
স্থানীয় ৰাইজৰ জীৱন এতিয়া সংকটত পৰিছে।
সকলো দেখিও নেদেখাৰ ভাও চৰকাৰী দায়িত্বশীল বিভাগটোৰ।
কেৱল কেইটামান গাঁতৰ কাষত তেলৰ ড্ৰাম থৈ দায়িত্ব সামৰাৰ চেষ্টা কৰিছে বিভাগটোৱে।
আজি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে বন্ধ কৰি থলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ।
পথ বন্ধ কৰি দিয়াৰ বাবে তীব্ৰ যান জটৰ সৃষ্টি।
বজালী আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰৰ চেষ্টা।