Share and Enjoy !

Shares

চামগুৰিৰ শিঙিয়া কুমাৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ।

বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে কুমাৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ।

বন্যহস্তীয়ে কুমাৰ গাঁৱৰ ৰূপক শইকীয়াৰ নামৰ ব্যক্তি গৰাকীৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ দেৱাল,ধানৰ ভড়াঁল ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ক্ষতিসাধন কৰে বাসগৃহ সমূহৰ প্ৰয়োজনীয় সামগ্ৰী।

নিশা শুই থকা অৱস্থাতে বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ চলাই যদিও বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালটো।

বন্যহস্তীৰ উপদ্ৰৱত এতিয়া ওজাগৰি নিশা কটাবলগীয়া হৈছে চামগুৰিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে।

হাতীকেইটা খেদি পঠোৱাত সম্পূৰ্ণ ব্যৰ্থ বনবিভাগ।

বনবিভাগে উন্নত প্ৰযুক্তিৰে বন্যহস্তী কেইটা পাহাৰলৈ খেদি পঠিয়াবলৈ বনবিভাগক আহ্বান জনায় ভুক্তভোগী পৰিয়াল কেইটাই।

Leave a Reply

Your email address will not be published. Required fields are marked *