অব্যাহত আছে বৰাক উপত্যকাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। সোমবাৰে নিশা গোপন সূত্ৰৰ পম খেদি শ্ৰীভূমি জিলাৰ বদৰপুৰ আৰক্ষীয়ে ষ্টেচন ৰোডৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে মুঠ ১১টা চাবোনৰ কেছ।
আৰক্ষীৰ হাতত আটক হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ নাম হ’ল আবুল হুছেইন চৌধুৰী আৰু কাজল আহমদ বুলি জানিব পৰা গৈছে।
আটকাধীন লোকদুজনৰ ঘৰ শ্ৰীভূমি জিলাৰ তালতলা গাঁৱত। ঘটনা সন্দৰ্ভত বদৰপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।