Share and Enjoy !

Shares

মহানগৰীৰ পল্টন বজাৰত মৰ্মান্তিক ঘটনা।থাৰৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানিৰ।

নম্বৰ প্লেটবিহীন নতুন থাৰএখনৰ খুন্দাতে প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি ৰাহেলা খাটুনৰ৷ ঘটনা সংঘটিত কৰা থাৰ সহ চালক মিন্টু আলীক আটক আৰক্ষীৰ৷

আনহাতে কণমানিজনীক বচাবলৈ ততাতৈয়াকৈ নিজ বাহনত উঠাই এজন লোকে নিবলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হ’ল এজন নিৰপৰাধী লোক। দলবদ্ধ প্ৰহাৰৰ আহত হোৱা লোকজনৰ নাম ডিগম্বৰ ডেকা বুলি জানিব পৰা গৈছে ৷ উত্তেজিত ৰাইজে ডিগম্বৰ ডেকাৰ বাহনখনো ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিগম্বৰ ডেকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে দুজনমান লোকক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *