তামাৰহাটত নিৰুদ্দেশ এটি ১৩ বছৰীয়া কিশোৰ। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত আলোকঝাৰী সাত বেষমা মেলা চাবলৈ গৈ নিৰুদ্দেষ কিশোৰজন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ
নিখোজ কিশোৰজনৰ নাম দাইদুল ইছলাম ওৰফে ৰাজু বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী থানাৰ অন্তৰ্গত আমিনেৰ চৰ পাটামাৰি গাঁৱৰ ছাৰোযাৰ শ্বেখৰ পুত্ৰ দাইদুল ইছলামে মাতৃৰ সৈতে তামাৰহাটৰ মধ্যপেটলা কুমাৰগঞ্জ গাঁওস্থিত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। যোৱা শুক্ৰবাৰে পুৱাৰ ভাগত কিশোৰজনে এখন চাইকেল লৈ মোমায়েকৰ ঘৰৰ ওচৰতে অনুষ্ঠিত হৈ থকা আলোকঝাৰী সাত বেষমা মেলা চাবলৈ ওলাই গৈছিল।তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে কিশোৰজন।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জন্মৰ পৰাই মুখবধিৰ আছিল দাইদুল ইছলাম ওৰফে ৰাজু । নিখোজ হোৱাৰ সময়ত কিশোৰজনৰ শৰীৰত আছিল সেউজীয়া ৰঙৰ টি-শ্বাৰ্ট আৰু নীলা ৰঙৰ জিঞ্চ পেন্ট ।
ঘটনা সন্দৰ্ভত আত্মীয়ই তামাৰহাট আৰক্ষীক অৱগত কৰে । কোনো সদাশয় ব্যক্তিয়ে মুখবধিৰ কিশোৰজনক দেখা পালে 9085600201 আৰু 7099943671 নাইবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে।