ৰাজ্যবাসীৰ বাবে দুঃসংবাদ, হেৰাই গ’ল ৰেডিঅ’ৰ এটা চিনাকি কণ্ঠৰাজ্যবাসীৰ বাবে দুঃসংবাদ, হেৰাই গ’ল ৰেডিঅ’ৰ এটা চিনাকি কণ্ঠ

Share and Enjoy !

Shares

সংগীতজ্ঞ, গীতিকাৰ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ দেহাৱসান।।আজি পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

 

ৰক্তচাপজনিত সমস্যাত ভুগি চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে। সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক।মৃত্যু সময়ত চৈয়দ ছাদুল্লাৰ বয়স আছিল ৭৭ বছৰ।

 

১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। ।১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল চৈয়দ ছাদুল্লাই। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক আছিল চৈয়দ ছাদুল্লা। একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি লেখকে ধৰি গীটাৰ বাদক হিচাপে খ্যাতি আছিল চৈয়দ ছাদুল্লাৰ। প্ৰায় ১৮০ৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ ছাদুল্লা। চৈয়দ ছাদুল্লাৰ দেহাৱসানৰ পিছতে ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *