অৰুণাচল প্ৰদেশত সন্ধানহীন গহপুৰৰ ব্ৰহ্মাজানৰ এজন ব্যক্তি। তিনিমাহ ধৰি সন্ধানহীন হৈ আছে লোকজন নিৰুদ্দেশ হোৱা ব্যক্তিজন ব্ৰহ্মাজানৰ মানিক দাস বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, কামৰ বাবে অৰুণাচলৰ বমডিলালৈ গৈছিল ব্ৰহ্মাজানৰ মানিক দাস।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, চিলঠিয়া গোপচাৰৰ সুজিত নায়ক নামৰ এজন যুৱকে মানিক দাসক কাম দিয়াৰ প্ৰতিশ্ৰুতি দি অৰুণাচল প্ৰদেশৰ বমডিলালৈ লৈ গৈছিল। কিন্তু বমডিলালৈ যোৱাৰ পাছৰে পৰা মানিক দাসৰ কোনো ধৰণৰ শুংসূত্ৰ নাই ইপিনে মানিক দাসৰ পৰিয়ালে সুজিত নায়কক সুধিলে কোনো ধৰনৰ সঠিক উত্তৰ দিব নোৱাৰে। বৰঞ্চ ভয় ভাবুকিহে প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মানিক দাসৰ পৰিয়ালে। আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে যদিও আজি পৰ্যন্ত মানিক দাসৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।