Share and Enjoy !

Shares

পোহৰলৈ আহিছে মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ন ন তথ্য।

ট্ৰেফিক DCP জয়ন্ত সাৰথি বৰাই সংবাদমেল যোগে দিছে কেইবাটাও বিস্ফোৰক তথ্য।যি তথ্যই কঁপাই গৈছে ৰাজ্য।

সংবাদমেল সম্বোধন কৰি ট্ৰেফিক DCP গৰাকীয়ে জানিবলৈ দিয়ে যে- বাহনখনত থকা GPS ৰ সহায়ত পোহৰলৈ আহিছে বহু কথা ।২৫ এপ্ৰিলৰ দিনৰ ভাগত ভাৰ্গৱ ডেকাৰ পৰা ছামিম আহমেদে আনিছিল চুইফ্ট বাহনখন। কমেডি শ্ব’ যাবলৈ যোৱা বুলি কোৱা নেহা, পূজা, আকাংক্ষা আৰু ছামিমে নিশা ১১ বজাত উপস্থিত হৈছিল ভঙাগড়ত। নিশা ১১ বজাৰ পৰা ভঙাগড়ত ৰৈ আছিল দুৰ্ঘটনাত পতিত হোৱা ছুইফট বাহনখন।

নিশা ৩ বজালৈকে ভঙাগড়ৰৰ ৰুদ্ৰাক্ষ মলত থকা EXORO বাৰত পাৰ্টী কৰিছিল ছামিমসহ তিনিগৰাকী যুৱতীয়ে। বাৰখনত ১৯ হাজাৰ টকাৰ বিল দি ৩ যুৱতীক লৈ ওলাই আহিছিল ছামিম আহমেদ। তাৰ পাছত পুৱতি নিশা ৩ বজাত ভঙাগড়ৰ পৰা গীতানগৰ দিশে গৈছিল ছামিম আহমেদসহ তিনি যুৱতী। সেই সময়ত বাহনখনৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৬ কিলোমিটাৰ আছিল।

লগতে আৰক্ষীগৰাকীয়ে কয় যে, ২৬ এপ্ৰিলত ৪ বাজি ৫ মিনিটমানত সংঘটিত হৈছিল দুৰ্ঘটনাটো। ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল ছুইফট বাহনখনে। স্থানীয় লোকৰ সহযোগত প্ৰথমে গেট হাস্পতাললৈ লৈ যোৱা হৈছিল দুৰ্ঘটনাত পতিত কেইগৰাকীক। তাৰ পিছত GMCHলৈ লৈ যোৱা হৈছিল। লগতে দুৰ্ঘটনাটোৰ পাছত সেই স্থানৰ পৰা পলায়ন কৰিছিল ছামিম আহমেদে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত অৰুণাচললৈ যোৱা পৰিকল্পনা আছিল ছামিমৰ। পলাতক সময়ত শ্বিলংত দাড়ি আৰু চুলি কাটি নিজৰ বেশ সলনি কৰিছিল ছামিমে। তাৰ পাছত ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *