নগাঁৱত উপস্থিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। মুখ্য নিৰ্বাচনী বিষয়াজন পোনতে চহৰখনৰ মাজমজিয়াস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ষ্ট্ৰং ৰূম আৰু ভোটগণনা কক্ষসমূহ পৰিদৰ্শন কৰে।
বিশেষকৈ ষ্ট্ৰং ৰূমৰ চাৰিওফালে থকা নিৰাপত্তা ব্যৱস্থা আৰু চিচিটিভি ব্যৱস্থা নিৰীক্ষণৰ কৰে।
পৰিদৰ্শনকালত মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে ভোটগণনা কেন্দ্ৰসমূহৰ সামগ্ৰিক আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি গণনাৰ দিনা নিয়োজিত হ’বলগীয়া বিষয়া-কৰ্মচাৰীসকলৰ সুবিধা তথা জৰুৰীকালীন ব্যৱস্থাৱলীৰ বিষয়েও পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।
এই পৰিদৰ্শন কালত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈ, নিৰ্বাচন বিষয়া শেখৰণ ফুকন প্ৰমুখ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।