Share and Enjoy !

Shares

ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা। এইবাৰ মানকাচৰৰ পুৰাণদিয়াৰা গাওঁ পঞ্চায়ত এলেকাৰ উৰামাৰী প্ৰথমখণ্ড গাঁৱৰ পৰা নিৰুদ্দেশ ৪গৰাকী ছাত্ৰ।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা নিখোজ হৈ আছে ছাত্ৰকেইজন। নিৰুদ্দেশ ছাত্ৰকেইজন হাবিব মিঞা, মোস্তাফিজুৰ ৰহমান, আকবৰ আলী আৰু আইছ আলী ।

ইপিনে আইছ আলী আৰু মোস্তাফিজুৰ ৰহমান নামৰ ছাত্ৰ দুজন গজাৰিকান্দি দাৰুল উলুম চাৰবাৰী মাদ্ৰাছাৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

দেওবাৰে সন্ধিয়াৰ পৰাই ছাত্ৰকেইজনৰ কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

ছাত্ৰকেইজন নিখোজ হোৱাৰ পাছতে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে। অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে মানকাচৰ আৰক্ষী থানাত সমগ্ৰ বিষয়টো অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *