Share and Enjoy !

Shares

মুখ খুলিলে মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা ভাৱনাই শৰ্মাই। সমগ্ৰ ঘটনাক লৈ ভাৱনা শৰ্মাই দিলে স্পষ্টীকৰণ।

মঙলবাৰে সামাজিক মাধ্যমযোগে প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে ভাৱনাই।

ফেচবুক লাইভযোগে ভাৱনাই কয় – ২৪ এপ্ৰিলত নিজেই ঘৰৰ পৰা শ্বিলঙলৈ গৈ হোটেলতো অকলেই প্ৰৱেশ কৰা বুলি মন্তব্য কৰে ভাৱনাই। দীৰ্ঘদিনে প্ৰেমিকে ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ অভিযোগো উত্থাপন কৰিছে। লগতে প্ৰেমিকৰ ভাবুকিৰ বাবেই জীৱন শেষ কৰাৰ কথা ভাবিছিলোঁ বুলি মন্তব্য কৰে ।

আনফালে সম্পৰ্ক ত্যাগ কৰিলে ব্যক্তিগত ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে প্ৰেমিক নিহাৰৰ বিৰুদ্ধে । ভাৱনাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত মাকলৈ নিজে মেছেজ দিয়াৰ কথাও অস্বীকাৰ কৰিছে। লগতে প্ৰেমিকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে ভাৱনাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *