Share and Enjoy !

Shares

অশান্ত জৰ্জৰ মণিপুৰত অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান সেনাপতি আৰু চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ অভিযান।অভিযানত জব্দ অবৈধ মাৰণাস্ত্ৰ।

সেনাপতি জিলাৰ মাৰেমাই- হেঙবাং এলেকাত অভিযান চলাই মেগজিনসহ ২টা পইন্ট টু টু ৰাইফল, ১টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল , মেগজিন সহ ১টা MP5 , মেগজিনৰ‌ সৈতে ১টা এ কে-৪৭,৪টা লোকেল মেড বল্ট একচন ৰাইফল,১টা শ্বট গান, ৫ টা পিষ্টল,৭৯টা সক্ৰিয় গুলি জব্দ কৰে।

একেদৰে, চুৰাচান্দপুৰ জিলাৰ হেঙকাপকোট এলেকাত চলোৱা অভিযানত ৩টা চিংগল বেৰেল গান,১টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, ১টা পম্পি গান, ২ টা শক্তিশালী আই ই ডিসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।‌ইফালে, ইম্ফল পশ্চিম জিলাৰ এটা ঘৰত তালাচী চলাই আৰক্ষীয়ে কেচিপি উগ্ৰপন্থী সংগঠনৰ এগৰাকী সক্ৰিয় মহিলা কেডাৰক গ্ৰেপ্তাৰ কৰে।

উগ্ৰপন্থীগৰাকীৰ পৰা নগদ ৬ লাখ ৮১ টকা এটা মোবাইল ফোন আৰু এখন আধাৰ কাৰ্ড জব্দ কৰে আৰক্ষীয়ে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *