ধুবুৰীত ভয়ংকৰ ঘটনা। ধুবুৰী যোগামায়া ঘাট অঞ্চলত কাম কৰি থকা অৱস্থাত তিনিমহলীয়া নৱ নিৰ্মিত বিল্ডিংৰ পৰা পৰি নিহত দুই শ্ৰমিক।
ৰাজমিস্ত্ৰী হিচাপে কামত নিয়োজিত আছিল শ্ৰমিক দুজন।। কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসা চলি থকা সময়চোৱাতে দুয়োজনে মৃত্যুক সাৱটি লয় ।
মৃত্যু হোৱা ব্যক্তি দুজন হৈছে আফজল হুছেইন আৰু আজিজুৰ শেখ বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।