Share and Enjoy !

Shares

চাৰিকড়িয়াৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ৩ দিনীয়াকৈ উদযাপন হ’ব গৰিমামণ্ডিত ফাট বিহু। চিৰপ্ৰবাহমান চাৰিকড়ীয়াৰ পাৰৰ মহঘুলি চাপৰিত ব’হাগৰ শেষৰটো শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্টিত হয় ঐতিহ্য মণ্ডিত ঢকুৱাখনা ফাটবিহু৷

ৰাজ্যৰ ভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ মিলন ভূমিত পৰিণত হয় ফাটবিহ তলী। আহোম ৰাজত্বকালৰে পৰা স্বকীয় ঐতিহ্য-পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুত সংস্কৃতিৰ মিলনতীৰ্থত পৰিণত হয় ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি৷

ঢোল, পেঁপাৰ মাতত প্ৰাণ পাই উঠিল মহঘুলি চাপৰি, উৎকট গৰমৰ মাজটো উলাই আহিছে জীয়াৰী বোৱাৰী৷ সমন্বয়ৰ আদৰ্শৰে জীপাল ঢকুৱাখনা ফাটবিহু ৷

কৃষ্টি আৰু সংস্কৃতিৰে ঢকুৱাখনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনাবাসীৰ হিয়া আমঠু চাৰিকড়ীয়া নৈপাৰৰ ‘ফাটবিহু’ আজিৰেপৰা তিনিদিনীয়াকৈ ঢকুৱাখনা ম’হঘুলি চাপৰিত অনুষ্ঠিত কৰা হৈছে ।

‘ফাটবিহু’ৰ প্ৰথম দিনাই বিভিন্ন জাতি-জনজাতিৰ, কৃষ্টি-সংস্কৃতি, প্ৰেম-ভ্ৰাতৃত্ববোধেৰে মহামিলনৰস্থলী এই ঢকুৱাখনা ‘ফাটবিহু’ তলিত উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে।।

ঢকুৱাখনা ফাটবিহু উৎসৱত আজি প্ৰথম দিনা ঢোল,তাল, পেপা, গগনা টকা আৰু বিহুনামেৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনা আকাশ-বতাহ।

উল্লেখ যে, পুৱা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলন কৰা পাছতে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰে।

ইয়াৰ পাছতে ফাটবিহুত অংশগ্ৰহণৰ বাবে অহা বিহু দলসমূহক আদৰণি জনোৱাৰ পাছতে দুপৰীয়া ভাগত আৰম্ভ হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা৷

ইফালে মহঘূলি চাপৰি চিচু গছৰ তলে তলে হোৱা বিহুৱে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনাৰ আকাশ বতাহ। মিছিং,দেউৰীকে ধৰি ফাটবিহুলৈ অহা জনগোষ্ঠীয় বিহু দল সমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিছে চাৰিকৰিয়া পাৰৰ মহঘুলি চাপৰি।৷

মুঠৰ ওপৰত ঢকুৱাখনাবাসীয়ে যোৱা বছৰ ফাটবিহু উদযাপনৰ পৰা বিৰত আছিল যদিও এইবেলি ঢকুৱাখনাবাসীয়ে দহোবন কাটি কৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাবে ওলাই আহিছে মহঘুলি চাপৰিলৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *