Share and Enjoy !

Shares

শনিবাৰে নিশা নগাঁৱৰ শালনাৰ লেংটেং ১২ নং লাইনত বিধ্বংসী অগ্নিকাণ্ড। শালনাৰ লেংটেং ১২ নং লাইনত দ্বীপেন নায়ক নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই অগ্নিকাণ্ড কোনো আকস্মিক দুৰ্ঘটনা নহয়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে দ্বীপেন নায়কৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। উক্ত ঘটনাৰ সময়ত দ্বীপেন নায়কৰ পৰিয়ালৰ অধিকাংশ সদস্যই ঘৰত উপস্থিত নাছিল।

জানিব পৰা মতে, কন্যাৰ বাবে দৰা চাবলৈ বুলি পৰিয়ালটো শিৱসাগৰলৈ গৈছিল। ঘৰত সেই সময়ত কেৱল দ্বীপেন নায়কৰ মাতৃ আৰু নাতিয়েক উপস্থিত আছিল যদিও ভাগ্যক্ৰমে তেওঁলোক সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয়।অগ্নিকাণ্ড সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন মটৰচাইকেল, গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে মজুত কৰি ৰখা ধান। ইতিমধ্যে ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *