নগাঁৱৰ মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ বৃহৎ সফলতা লাভ নগাঁও আৰক্ষীৰ। আজি এক সংবাদমেল সম্বোধন কৰি নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে ঘটনা সন্দৰ্ভত সদৰি কৰে বহু তথ্য।
এই কাণ্ডৰ সৈতে জড়িত আন তিনিটা দুধৰ্ষ ডকাইতক লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। নগাঁও আৰক্ষীৰ এটা দলে লখিমপুৰত চলোৱা এক গোপন অভিযানত এই তিনিটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত কেইটা ক্ৰমে- ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আৰক্ষীয়ে এই একেটা ঘটনাতে জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ আন তিনিটা ডকাইতক গ্ৰেপ্তাৰ কৰিছিল। আনফালে, আৰক্ষীয়ে ডকাইত কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিকলঙৰ এটা পৰিত্যক্ত স্থানৰ পৰা ডকাইতি কাণ্ডত ব্যৱহৃত দুখন দা উদ্ধাৰ কৰে। ইয়াৰ উপৰি, ডকাইতি কাৰ্যত ব্যৱহৃত AR-01M-4013 নম্বৰৰ এখন বলেৰো বাহনো আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে। লগতে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটোও লাভ কৰিছে। মৰিকলং ডকাইতি কাণ্ডৰ দৰে গুৰুতৰ বিষয়টোৰ গভীৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে এজন অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত SIT ৰ দল গঠন কৰিছে।