প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰপ্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ দুটাকৈগুৰুত্বপূৰ্ণ প্ৰকল্পৰ অনুষ্ঠানলৈ অসমলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।।

 

সামাজিক মাধ্যমত এটা প’ষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “আজি দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। সাক্ষাৎকালত আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আহ্লাদিত হৈছোঁ।”

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “প্ৰথমটো প্ৰকল্প হৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীক প্ৰতি বছৰে ১.৩ কোটি যাত্ৰী সামৰ্থ্যৰে সমৃদ্ধ কৰি দেশৰ ভিতৰতে এক প্ৰধান বিমান চলাচল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।”

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে লিখিছে, “দ্বিতীয়টো হৈছে ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস। এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব।”

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “মাননীয় মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূৰ্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *