বৃহস্পতিবাৰে শ্বিলঙস্থিত উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়ত উত্তৰ পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিৱেশন৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত অংশ লয় কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ লগতে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায, মুখ্যমন্ত্ৰী।
ড:হিমন্ত বিশ্ব শৰ্মা,মেঘালয়ৰ ৰাজ্যপাল চি এইছ বিজয় শংকৰ. মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ ৰাজ্যপাল ভি কে সিং, মুখ্যমন্ত্ৰী লালাদুহোমা, নাগালেণ্ডৰ ৰাজ্যপাল নন্দ কিশোৰ যাদৱ,মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ, অৰুণাচলৰ প্ৰদেশৰ ৰাজ্যপাল লেফ্টনেল জেনেৰেল কৈৱল্য ত্ৰিবিক্ৰম পৰ্ণাইক,মুখ্যমন্ত্ৰী পেমা খাণ্ডু,মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লা,মুখ্যমন্ত্ৰী যমনাম খেমচন্দ সিং,ত্ৰিপুৰাৰ ৰাজ্য পাল এন. ইন্দ্ৰসেনা ৰেড্ডী,মুখ্যমন্ত্ৰী ড:মাণিক সাহা,চিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে৷
উল্লেখ্য যে উত্তৰ পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিৱেশনত আঠ ৰাজ্যৰ দ্ৰত উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷